জু-ৰোড গ্ৰেনেড বিস্ফোৰণ কাণ্ড; নগাঁও আৰু মহানগৰীৰ পৰা দুজন যুৱকক গ্ৰেপ্তাৰ

Please follow and like us:
0


গুৱাহাটীৰ জু-ৰোডৰ গ্ৰেনেড বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্তত দিনে নতুন নতুন তথ্য পোহৰলৈ আহিছে। ১৭ মে’ত গুৱাহাটী বিস্ফোৰণৰ লগত জড়িত থকাৰ অভিযোগত নগাঁও আৰক্ষীয়ে অভিযান চলাই ইন্দ্ৰ মোহন বৰা নামৰ আন এজন যুৱকক গ্ৰেপ্তাৰ কৰে।

নাগাঁও আৰক্ষীয়ে যুৱকজনক পুৰণিগুদামৰ চলচলিৰ নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে কূটাঘাতৰ লগত যুৱকজনৰ সম্পৰ্ক থকা বুলি তথ্য লাভ কৰাৰ পাছত ইয়াৰ পূৰ্বেও তেওঁৰ ঘৰত অভিযান চলাইছিল যদিও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল।

আৰক্ষীয়ে যুৱকজনৰ পৰা এখন মটৰ চাইকেল, মোবাইল হেণ্ডছেটৰ লগতে বহু আপত্তিজনক নথি-পত্ৰ জব্দ কৰে। নগাঁও আৰক্ষীয়ে প্ৰাথমিক জেৰাৰ অন্তত যুৱকজনক আজি গুৱাহাটী আৰক্ষীৰ হাতত চমজাই দিয়াৰ সম্ভাৱনা আছে।

chinmoy guwahati blast
চিন্ময় লস্কৰ

আনহাতে, গুৱাহাটী মহানগৰীৰ পৰা চিন্ময় লস্কৰ নামৰ আন এজন যুৱকক আজি আৰক্ষীয়ে জু-ৰোড গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। জাহ্নৱী শইকীয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে যুৱকজনক ভাৰাঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে।

সম্প্ৰতি মহানগৰ আৰক্ষীয়ে লতাশিল আৰক্ষী থানাত যুৱকজৰ ওপৰত মাৰাথান জেৰা আৰম্ভ কৰিছে। আৰক্ষীৰ জেৰাত সকলো তথ্য পোহৰলৈ সম্ভাৱনা আছে।



Source link

Please follow and like us:
0

Leave a Reply

Your email address will not be published. Required fields are marked *