নগাঁও সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ অগ্ৰগতি; ৰূপক শৰ্মাৰ প্ৰতিক্ৰিয়া

Please follow and like us:
0


আজি হৈ থকা লোকসভা নিৰ্বাচন-২০১৯ ৰ বৰ্তমানলৈ হোৱা (ৰাতিপুৱা ৯.৩০ বজালৈ) ভোটগণনাত নগাঁও লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই প্ৰতিদ্বন্দ্বি কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈতকৈ আগবাঢ়ি আছে।

বৰ্তমানলৈ হোৱা ভোটগণনাত নগাঁও সদৰ, ৰহা আৰু বঢ়মপুৰ বিধানসভা সমষ্টিত ৰূপক শৰ্মা আগবাঢ়ি আছে।

বৰ্তমানলৈ হৈ যোৱা ভোটগণনা সন্দৰ্ভত ৰূপক শৰ্মাই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

শৰ্মাই কয় যে দেশৰ জনতাই নৰেন্দ্ৰ মোদীক প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ বাবে বিজেপিক ভোট দিছে আৰু নগাঁও সমষ্টি ইয়াৰ ব্যাতিক্ৰম হোৱা নাই।

কংগ্ৰেছে যিমানে বিজেপিৰ হৈ অপপ্ৰচাৰ চলাবলৈ চেষ্টা কৰিছে সিমানে বিজেপি শক্তিশালী হৈছে বুলিও বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে মন্তব্য কৰিছে।

আনহাতে, আজি ৰাতিপুৱাই মন্দিৰলৈ গৈ ৰূপক শৰ্মাই ভগৱানৰ আশিস গ্ৰহণ কৰে আৰু দলীয় সমৰ্থকৰ সৈতে বিভিন্ন বিধানসভা সমষ্টি ভ্ৰমণ কৰে।



Source link

Please follow and like us:
0

Leave a Reply

Your email address will not be published. Required fields are marked *