মহানগৰীৰ জু-ৰোডত গ্ৰেনেড বিস্ফোৰণ

Please follow and like us:
0


গুৱাহাটীৰ জু-ৰোডত কিছু সময় পূৰ্বে গ্ৰেনেড বিস্ফোৰণ সংঘটিত হয়। জু-ৰোডৰ চেণ্ট্ৰেল ম’লৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা।

গ্ৰেনেড বিস্ফোৰণ সংঘটিত হোৱা স্থানৰ পৰা কিছু দুৰ আটৰত আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই আছিল। আৰক্ষীৰ তালাচীৰ মাজতে অচিনাক্ত দুৰ্বিত্তই গ্ৰেনেড বিস্ফোৰণ সংঘটিত কৰে।

ঘটনাটোৰ ফলত বৰ্তমানলৈ ৮ গৰাকী লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ লাভ কৰা গৈছে। আঘাতপ্ৰাপ্ত লোকসকল চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

ঘটনাটোৰ ফলত কোনো লোক মৃত্যু হোৱা খবৰ এতিয়ালৈ লাভ কৰা হোৱা নাই। আৰক্ষীয়ে গোটেই অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে।



Source link

Please follow and like us:
0

Leave a Reply

Your email address will not be published. Required fields are marked *