হোজাইত মেট্ৰিকত অনুত্তীৰ্ণ হোৱাত আত্মহত্যাৰ পথ গ্ৰহণ ছাত্ৰীৰ

Please follow and like us:
0


বুধবাৰে ছেবাই ঘোষণা কৰা অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অনুত্তীৰ্ণ হোৱা হোজাই জিলাৰ লংকাৰ এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে ছোৱালী গৰাকীয়ে হোজাই জিলাৰ লংকাস্থিত বাডছ ইংলিছ স্কুলৰ পৰা চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

বুধবাৰে মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ পাছতে ছাত্ৰী গৰাকীয়ে তালিকাত নিজৰ নাম দেখা নাপাই এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে। ছাত্ৰী গৰাকীৰ নাম দিপীকা দে’ বুলি জানিব পৰা গৈছে। তেওঁ ৬০০ নম্বৰৰ ভিতৰত ২৩৫ নম্বৰ লাভ কৰিছিল।

ছাত্ৰী গৰাকীৰ ঘৰ লংকা আৰক্ষী থানাৰ অন্তৰ্গত জয়ৰাম বস্তিত। গৌতম চন্দ্ৰ দে’ আৰু শিল্পী দে’ৰ তৃতীয় কন্যা দিপীকাৰ মৃতদেহ নিজৰ ঘৰতে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়।

পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰাৰ বাবেই ছাত্ৰী গৰাকীয়ে এই চৰম পথ বাচি লয় বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। ইফালে এই ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা অঞ্চলটোত এক শোকাকূল পৰিৱেশে বিৰাজ কৰিছে।



Source link

Please follow and like us:
0

Leave a Reply

Your email address will not be published. Required fields are marked *